নিজ বৰুৱা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে মধ্যাহ্ন ভোজনৰ চাউল বিতৰণ নকৰাৰ গুৰুতৰ অভিযোগ, তীব্ৰ প্ৰতিবাদ

 10/04/2021 - 17:17
 
 
 
নগৰবেৰাঃ ছমৰীয়া শিক্ষা খণ্ডৰ নিজ বৰুৱা প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱকে সাব্যস্ত কৰিলে প্ৰতিবাদ। বিদ্যালয়খনৰ প্ৰধান শিক্ষক  মুছলেম উদ্দিন আহমেদৰ দুৰ্নীতি আৰু অনিয়মৰ বিৰুদ্ধে এইদৰে প্ৰতিবাদ সাব্যস্ত কৰে বিদ্যালয়খনৰে ছাত্ৰ-ছাত্ৰী আৰু অভিভাবকে। উল্লেখ্য যে, দীৰ্ঘদিনৰে পৰা মধ্যাহ্ন ভোজনৰ চাউল ছাত্ৰ-ছাত্ৰীৰ মাজত বিতৰণ নকৰাৰ গুৰুতৰ অভিযোগ প্ৰধান শিক্ষকৰ বিৰুদ্ধে।
 
যাৰ ফলত বৃহৎ পৰিমানৰ চাউল পচি নষ্ট হয় আৰু পচি যোৱা চাউল ছাত্ৰ-ছাত্ৰীৰ মাজত আজি বিতৰণ কৰিব লওতেই ৰাইজে জবাবদিহি কৰে প্ৰধান শিক্ষক গৰাকীক। প্ৰণিধানযোগ্য প্ৰধান শিক্ষকজনৰ দুৰ্নীতি আৰু অনিয়মৰ বিৰুদ্ধে ছমৰীয়া উন্নয়ন খণ্ড বিষয়াক জনোৱা স্বত্তেও খণ্ড উন্নয়ন বিষয়াজনে কোনো বিহীত ব্যৱস্থা গ্ৰহণ নকৰাৰ গুৰুতৰ অভিযোগ স্থানীয় ৰাইজৰ।
 
উপায়বহীন হৈ এইদৰে বিদ্যালয় চৌহদতে ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাবক তথা স্থানীয় ৰাইজে সাব্যস্ত কৰে প্ৰতিবাদ। প্ৰতিবাদী ৰাইজে শিক্ষক গৰাকীৰ শাস্তিৰ দাবীত বিভিন্ন শ্ল’গানৰে পৰিৱেশ উত্তাল কৰি তোলে। অচিৰেই এই দুৰ্নীতি পৰায়ন প্ৰধান শিক্ষক গৰাকীৰ বিৰুদ্ধে দৃষ্টান্তমূলক শাস্তিৰ দাবী জনাইছে স্থানীয় ৰাইজে। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।