অসামাজিক কাৰ্যৰ ঘাটিত পৰিণত জুৰীয়াৰ বিভিন্ন অঞ্চল: জুৱা খেলৰ অবাধ বেহা

 06/02/2019 - 15:40

ৰূপহীহাট: আৰক্ষী থানাৰ বিষয়া, আৰক্ষীৰ আশীৰ্বাদতেই নগাঁও জিলাৰ জুৰীয়াৰ বিভিন্ন অঞ্চলত এতিয়া দিন দুপৰতে নিতৌ চলিছে মুকলিকৈ জুৱা খেল। এই জুৱা খেলত অংশগ্ৰহণ কৰিছে স্কুল-কলেজৰ ছাত্রৰ লগতে জ্যেষ্ঠ লোকসকলো। জুৰীয়া আৰক্ষীৰ নিৰৱ ভূমিকাৰ বাবেই বিভিন্ন অঞ্চলত বৃদ্ধি পাব ধৰিছে অসামাজিক কাৰ্যকলাপ। জুৰীয়া থানাৰ নিকটৱৰ্তী সুতিৰপাৰ, বালুচৰ, বগৰীগুৰি, জুৰীয়া বজাৰকে ধৰি প্ৰায় কুৰিখন গাঁও এতিয়া পৰিণত হৈছে জুৱাৰ ঘাটিলৈ।

নগাঁও জিলাৰ বহু জুৱাৰীৰ আগমন ঘটে এই অঞ্চলটোত। এই জুৱা খেলত নিতৌ চলে লাখ লাখ টকাৰ জুৱাৰ আড্ডা। অঞ্চলটোৰ কেইটামান অসামাজিক তথা গুণ্ডা প্ৰকৃতিৰ লোকৰ লগত জুৰীয়া আৰক্ষী থানাৰ একাংশ বিষয়াৰ মিতিৰালি থকাৰ বাবেই এতিয়া চলিছে এই জুৱাৰ বেহা। দল সংগঠনৰ লগতে স্থানীয় ৰাইজৰ অভিযোগ আৰক্ষী থানাৰ আৰক্ষীৰ আশীৰ্বাদতেই এনেদৰেই এতিয়া মুকলিকৈ চলিছে জুৱা খেল।

এই অসামাজিক কাৰ্যকলাপ বন্ধ কৰিবলৈ কোনো লোক আগবাঢ়ি আহিলেও মৃত্যুৰ ভাবুকি আহে একাংশ গুণ্ডা প্ৰকৃতিৰ লোকৰ পৰা। সেয়ে বাধা দিবলৈ সাহস নকৰে অঞ্চলটোৰ সাধাৰণ লোকে, আনকি ভয় কৰে মুকলিকৈ সংবাদ মাধ্যমক ক’বলৈও। ইফালে জুৱাত একাংশই লাখ লাখ টকা হাৰি সৰ্বশ্ৰান্ত হৈ নিজৰ দামী গাড়ী পৰ্যন্ত বিক্ৰী কৰিব লগা হৈছে জুৱাৰ আড্ডাত। আন কোনোৱে জুৱা খেলত হাৰি অঞ্চলটোত চুৰি ডকাইতিৰ দৰে ঘটনা সংঘটিত কৰি আহিছে।

এনেধৰণৰ কাৰ্যকলাপ নিতৌ বৃদ্ধি পোৱাত এতিয়া অসামাজিক কাৰ্য-কলাপৰ ঘাটিত পৰিণত সমগ্ৰ জুৰীয়া অঞ্চল এনেক্ষেত্ৰত জুৰীয়া আৰক্ষীৰ ৰহস্যজনক ভূমিকাক তীব্ৰ সমালোচনা কৰিছে অঞ্চলটোৰ সচেতন মহলে।

উল্লেখ্য যে বিগত বছৰত জুৰীয়া থানাৰ অন্তৰ্গত বলিকটীয়াত জুৱাৰীৰ গুলীত অনিল দাস নামৰ এগৰাকী আৰক্ষী কনিষ্ঠবলৰ মৃত্যু হৈছিল। তাৰ পিছতো জুৱাৰীৰ বিৰুদ্ধে আৰক্ষীৰ ৰহস্যজনক নিৰৱ ভূমিকাই সৃষ্টি কৰিছে তীব্র চাঞ্চল্যৰ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।