উপযুক্ত নথিপত্ৰ থকাৰ পিছতো ডিটেনশন কেম্পলৈ প্ৰেৰণ বিজনীৰ এগৰাকী মহিলাক

 06/02/2019 - 16:12

বিজনীঃ চিৰাং জিলাৰ বিজনীৰ ১ নং বিষ্ণুপুৰৰ এগৰাকী মহিলাক উপযুক্ত নথিপত্ৰ থকাৰ পিছতো বিদেশী ন্যায়াধীকৰণ আদালতে ডিটেনচন কেম্পলৈ প্ৰেৰণৰ এক অভিযোগ উত্থাপন হৈছে। মহিলাগৰাকী হ’ল মধুবালা মণ্ডল(৫৯)।  উত্থাপিত অভিযোগ অনুসৰি যোৱা ২০১৬ বৰ্ষত বিদেশী ন্যায়াধীকৰণ আদালতে ১ নং বিষ্ণুপুৰৰ মাখন নমঃ দাসৰ পত্নী মধুবালা দাসৰ নামত বিদেশীৰ জাননী জাৰি কৰে। 

কিন্তু বহু বছৰ আগতে মাখন নমঃ দাস আৰু মধুবালা দাসৰ মৃত্যু হয়।  ইয়াৰ পিছতে বিদেশী ন্যায়াধীকৰণ আদালতে মধুবালা দাসৰ নামত জাৰি কৰা বিদেশী জাননীৰ ভিত্তিত আন এগৰাকী মহিলা মধুবালা মণ্ডলক ডিটেনচন কেম্পলৈ প্ৰেৰণ কৰে।  সম্প্ৰতি কোকৰাঝাৰ ডিটেনচন কেম্পত আছে মধুবালা মণ্ডল।  উল্লেখ্য ৭১ ৰ ভোটাৰ তালিকাৰ লগতে অন্যান্য নথিপত্ৰ থকাৰ পিছতো বিদেশী ন্যায়াধীকৰণ আদালতে মধুবালা মণ্ডলক অযথা বিদেশী সজাই ডিটেনচন কেম্পলৈ প্ৰেৰণ কৰে।  যাৰ ফলত অতি দৰিদ্ৰ মধুবালা মণ্ডলৰ একমাত্ৰ কন্যা মূকবধিৰ ফুলমালা মণ্ডল নিঠৰুৱা হৈ পৰে।  সম্প্ৰতি মধুবালাৰ পিতৃ নেপাল মণ্ডলৰ গৃহত আশ্ৰয় লৈ আছে ফুলমালা মণ্ডলে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।