10/05/2021 - 17:37
in
বিহালীঃ অখিল গগৈ প্ৰেক্টিকেল কথালৈ আহক, আহি উন্নয়নৰ কথা চিন্তা কৰক৷ শিৱসাগৰবাসী ৰাইজে তেওঁক বৰ আশাৰে ভোট দিছে৷ থাওৰা সমষ্টিৰ সন্দৰ্ভত অখিল গগৈক কটাক্ষ প্ৰশান্ত ফুকনৰ জ' গৰজতা হ্যে ৱ' বৰষ্টা ন্যেহী।
অখিল গগৈ এতিয়া ৰাজনৈতিক ব্যক্তি, এইবিলাক কথা কৈ লাভ নাই। অখিল গগৈয়ে চৰকাৰৰ সৈতে সহযোগিতা কৰিবলৈ আহ্বান বিধায়ক ফুকনৰ। দুটা ছাগলীয়ে শিং যুঁজালে লাভ নাই, দুইটাই পানীত পৰে৷
গতিকে এটাই অকণমান বহি দিয়ক আনটো জাপ মাৰি পাৰ হৈ যাব। পানীত থাকিলে ঘৰিয়ালৰ সৈতে মিতিৰালী কৰিবই লাগিব। আজি শ্বেৰমান আলি এ. আই. ইউ. ডি. এফ.ৰ পৰা আহি কংগ্ৰেছত যোগদান কৰিছে, কাইলৈ আকৌ কংগ্ৰেছৰ পৰা এ. আই. ইউ. ডি. এফ.ত যোগদান কৰিব। ঘৰ অভিমুখী হৈ বিশ্বনাথত এইদৰে সাংবাদিকৰ সন্মুখত মন্তব্য কৰে বিধায়ক প্ৰশান্ত ফুকনে৷