10/05/2021 - 17:45
in
মৰিয়নীঃ হাতী-মানুহৰ সংঘাত বৰ্তমানে মৰিয়নিবাসীৰ বাবে এক জ্বলন্ত সমস্যা হিচাবে থিয় দিছে। বহুলোক গৃহহাৰা হ'বলগা হৈছে। বহুলোকে নিজৰ জীৱন হেৰুৱাবলগা হৈছে বনৰীয়া হাতীৰ হাতত।
সোমবাৰে নিশা গিৱন অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলায় অহা এজাক বনৰীয়া হাতীৰ দুটা বনৰীয়া হাতীয়ে মৰিয়নিৰ ডকলঙ্গীয়া কলিয়াপানী চাহ-বাগিচাৰ ফুলেশ্বৰ গঞ্জু, হৰিন্দ্ৰ গোৱালা আৰু নৰেশ গোৱালাৰ গৃহ ভাঙি লণ্ডভণ্ড কৰে৷
আজি পুৱাই প্ৰাক্তন বিধায়ক ৰূপজ্যোতি কুৰ্মী ভুক্তভোগী পৰিয়াল কেইটাৰ কাষত থিয় দি কিছু আৰ্থিক সাহাৰ্য প্ৰদান কৰে। স্থানীয় ৰাইজে বন বিভাগক খবৰ দিয়ে যদিও বন বিভাগে কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন উঠিছে৷