10/05/2021 - 18:02
in
মৰিগাঁওঃ কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীক বিনা চৰ্তত মুক্তিৰ দাবীত মৰিগাঁৱত কংগ্ৰেছ কৰ্মীৰ উত্তাল প্ৰতিবাদ। উত্তৰ প্ৰদেশত কৃষক আন্দোলনত মৃত হোৱা কৃষকৰ খবৰ লবলৈ গৈ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ’বলগা হয় কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী।
কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীক যোগী আদিত্য নাথ চৰকাৰে কৰা গ্ৰেপ্তাৰৰ প্ৰতিবাদত আজি মৰিগাঁৱত কংগ্ৰেছে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। শাসকীয় বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰাৰ লগতে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীক বিনা চৰ্তে মুক্তি দিবলৈ দাবী জনায় প্ৰতিবাদকাৰীসকলে।