বঙাইগাঁৱত চাউলৰ ক'লা ব্যৱসায়, আব্দুল বাৰেক নামৰ লোকজনৰ ঘৰৰ বন্ধ কোঠাত ৫২ বস্তা চাউলৰ লগতে ৩০০ লিটাৰ পেট্ৰল উদ্ধাৰ

 10/05/2021 - 18:25
 
 
অভয়াপুৰীঃ চৰকাৰী বিতৰণৰ চাউল বস্তা সলনি কৰি চলাই আছে ৰমৰমীয়া ক'লা ব্যৱসায়। সোমবাৰে নিশা বঙাইগাঁৱৰ ধনতোলাৰ আব্দুল বাৰেকৰ ঘৰৰ বন্ধ কোঠাত আৰক্ষীয়ে উদ্ধাৰ কৰে ৫২ বস্তা চাউলৰ লগতে ৩০০ লিটাৰ পেট্ৰল। সম্প্ৰতি আব্দুল বাৰেক পলাতক। দীৰ্ঘদিনৰ পৰাই আব্দুল বাৰেকৰ ঘৰত জিয়াৰুল ইছলাম আৰু জহৰুল ইছলামে চলাই আছিল ক'লা ব্যৱসায়।
 
প্ৰশ্ন উঠিছে চৰকাৰী বিতৰণৰ চাউল সুলভ মূ্ল্য দোকানৰ পৰিৱৰ্তে কিদৰে এইসকল ক'লা ব্যৱসায়ীৰ হাতত আহে? প্ৰত্যক্ষভাৱে বৃহত্তৰ ধনতোলা অঞ্চলৰ সুলভ মূল্যৰ দোকানী জৰিত আছে নেকি? বঙাইগাঁও আৰক্ষী অধীক্ষক উচিত তদন্ত কৰি ক'লা ব্যৱসায়ৰ লগত জৰিত সকলক সাস্তি প্ৰদান কৰাৰ বাবে আহ্বান জনায়।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।