10/05/2021 - 18:49
in
টীয়কঃ টীয়ক আৰক্ষী থানাৰ অন্তৰ্গত চেলেংহাটৰ মছজিদৰ এজন জোনাবে এটি ৯ বছৰীয়া কন্যা শিশুক যৌন নিৰ্যাতন চলোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰাপ্ত খবৰ মতে চেলেংহাটৰ আৰক্ষী চকীৰ অধীনৰ ডালিম বস্তিৰ এটি মছজিদত জোনাব হিচাপে থকা হোজাইৰ ফাৰুক আহমেদে আজি পুৱা মছজিদৰ কাষতে থকা কোঠাত ৯ বছৰীয়া কন্যা শিশুটিক যৌন নিৰ্যাতন চলাই।
শিশুটিৰ মাতৃয়ে অভিযোগ কৰা অনুসৰি পূৰ্বতেও জোনাবটোৱে শিশুটিক যৌন নিৰ্যাতন চলাইছিল যদিও ভয়তে পিতৃ-মাতৃক অবগত কৰা নাছিল। আজি সন্দেহ হোৱাত মাতৃয়ে সোধাত শিশুটিয়ে যৌন নিৰ্যাতন চলোৱাৰ কথা স্বীকাৰ কৰে আৰু পিতৃ-মাতৃয়ে চেলেংহাট আৰক্ষী চকীত জোনাবৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। ইতিমধ্যে আৰক্ষীয়ে যৌন নিৰ্যাতন চলোৱা জোনাবটোক গ্ৰেপ্তাৰ কৰিছে।