10/05/2021 - 19:13
in
মাৰ্ঘেৰিটাঃ মাৰ্ঘেৰিটা মহকুমাৰ টিৰাপ মৌজাবাসীৰ বাবে সুখবৰ। বহুদিনীয়া এক অভাৱ আৰু সমস্যাই পূৰ্ণ ৰূপ পাবলৈ সক্ষম হ’ল। দাতা হৰেন গগৈৰ প্ৰচেষ্টাত টিৰাপগেট ৰাজ্যিক চিকিৎসালয়ত স্থায়ীভাৱে নিৰ্মাণ হৈ উঠিল অত্যাধুনিক প্ৰসূতি কক্ষ। স্থানীয় প্ৰতিষ্ঠিত ব্যৱসায়ী হৰেন গগৈ আৰু তেখেতৰ পৰিয়ালে প্ৰয়াত পিতৃ স্বৰ্গীয় যতীন গগৈৰ সোঁৱৰণত নিৰ্মাণ কৰে প্ৰসূতি কক্ষটো।
হৰেন গগৈয়ে তেখেতৰ ব্যক্তিগত উপাৰ্জিত ধনৰ প্ৰায় ২৫ লাখ টকা ব্যয় কৰি নিৰ্মাণ কৰি উলিওৱা প্ৰসূতি কক্ষটো আজি স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাই মুকলি কৰাৰ পাছতেই ৰাইজৰ সুবিধাৰ বাবে উৎসৰ্গ কৰে। ইয়াৰোপৰি অনাগত দিনত ৰাইজৰ সুবিধাৰ বাবে এটা এক্সৰে মেচিন প্ৰদান কৰিব বুলিও হৰেন গগৈয়ে অৱগত কৰে।
হৰেন গগৈ দেৱৰ এই সমাজৰ উন্নতিৰ কাৰণে আগবাঢ়ি অহা এই প্ৰচেষ্টামুলক কামক অঞ্চলটোৰ ৰাইজে আন্তৰিকতাৰে শলাগ লোৱা দেখা যায়। চিকিৎসালয় খনত স্থায়ী প্ৰসূতি কক্ষ নিৰ্মাণ হোৱাত স্থানীয় ৰাইজ উৎফুল্লিত হৈ পৰাৰ উপৰিও স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাদেৱেও হৰেন গগৈৰ এই মহানুভৱতাক সন্মান জনাই ধন্যবাদ জ্ঞাপন কৰে।