তামুলপুৰত অচিনাক্ত মৃতদেহ উদ্ধাৰ

 06/02/2019 - 16:25

তামুলপুৰ: তামুলপুৰৰ বৰখাটাত আজি পুৱা এজন অচিনাক্ত ৬০ উৰ্ধৰ ব্যক্তিৰ মৃতদেহ উদ্ধাৰ হয়। জানিব পৰা মতে কালিৰে পৰা তামুলপুৰ বৰখাটাৰ ৰাজপথত অনাই বনাই ঘূৰি ফুৰিছিল। কিন্তু আজি পুৱাৰ ভাগত বৰখাটা গাঁৱৰ কেইগৰাকীমান যুৱকে ব্যক্তিজনক মুমূৰ্ষু অৱস্থাত ৰাস্তাৰ দাঁতিত প্ৰত্যক্ষ কৰে৷

লগে লগে স্থানীয় যুৱক কেইজনে তামুলপুৰ আৰক্ষী থানাত খবৰ দিয়াত তামুলপুৰ আৰক্ষী থানাৰ আৰক্ষী বিষয়া নৃপন গগৈৰ নেতৃত্বত যোৱা এটি আৰক্ষীৰ দলে স্থানীয় যুৱককেইজনৰ সহযোগত ব্যক্তিগৰাকীক উদ্ধাৰ কৰি তামুলপুৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত ভৰ্তি কৰায় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে।

বাতৰি লিখা পৰলৈকে মৃত ব্যক্তিগৰাকীৰ পৰিচয় উদ্ধাৰ কৰিব পৰা হোৱা নাই। পিন্ধনত লুঙি আৰু চাৰ্ট পৰিহিত ব্যক্তিগৰাকীক কোনোবাই চিনি পালে তামুলপুৰ আৰক্ষী থানাত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।