বিশ্বনাথত অসম ৰাজ্যিক কৃষক সভা আৰু চি আই টি ইউ ৰ যৌথ উদ্যোগত প্ৰতিবাদী কাৰ্য্যসূচী

 10/06/2021 - 14:49
 
 
বিশ্বনাথঃ প্ৰতিবাদকাৰীসকলে বিশ্বনাথ নগৰৰ বীনাপানি নাট্য মন্দিৰ প্ৰাংগনৰ পৰা সমদল কৰি বিশ্বনাথ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত হৈ বিভিন্ন শ্ল’গান প্ৰদৰ্শন কৰি এক উত্তাল পৰিৱেশৰ সৃষ্টি কৰে। প্ৰতিবাদকাৰীসকলে জিলা উপায়ুক্ত প্ৰণব কুমাৰ শৰ্মাৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে।
 
এই স্মাৰক পত্ৰত উল্লেখ থকা দাবীসমূহ হ’ল বিকল্প ব্যবস্থা অবিহনে সকলো প্ৰকাৰৰ উচ্ছেদ অভিযান বন্ধ ৰখা, উচ্ছেদিতসকলক ক্ষতিপূৰণ আৰু পুনৰ সংস্থাপন ব্যবস্থা গ্ৰহণ কৰা, উত্তৰ প্ৰদেশৰ লক্ষীমপুৰত কৃষক হত্যাকৰীক কৰায়ত্ত কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰা আৰু বিভিন্ন দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে।
 
এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে বিশ্বনাথ জিলাৰ কৃষক সভাৰ সভাপতি হলধৰ নাথ, সম্পাদক দীপক উপাধ্যায়,CITU ৰ অভিভক্ত শোণিতপুৰ জিলাৰ সভাপতি গংগা পৰাজুলি সহ বহু নেতাই অংশ গ্ৰহণ কৰে। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।