ডাৱাং গাৰ্ল সোণাক্ষী সিনহাৰ আজি জন্মদিন

 06/02/2019 - 16:46

ডিজিটেল ডেস্ক: বলিউডৰ মোহময়ী অভিনেত্রী ডাৱাং গাৰ্ল সোণাক্ষী সিনহাৰ আজি জন্মদিন। জ্যেষ্ঠ বলিউড অভিনেতা শত্ৰুঘ্ন সিনহা আৰু পুনম সিনহাৰ জীয়ৰী সোণাক্ষীৰ জন্ম হৈছিল ১৯৮৭ চনৰ ২ জুনত। বলিউড ছবি ডাৱাঙৰ জৰিয়তে বলিউডত খোজ পেলোৱা অভিনেত্রীগৰাকীয়ে আজি ৩২ সংখ্যক জন্মদিন পালন কৰিছে। লুটেৰা ছবিখনত কৰা অভিনয়ৰ বাবে সোণাক্ষী সিনহাক প্ৰশংসা কৰিছিল সমালোচকসকলে।

ইয়াৰ উপৰি ৰাউদী ৰাথোৰ, ডাৱাং-২, হলীডে, লিঙ্গা আদি বহুকেইজন হীট ছবি দৰ্শকক উপহাৰ দিছে অভিনেত্রীগৰাকীয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।