নগাঁৱৰ জুৰীয়াত তেল ডিপোত উত্তপ্ত পৰিস্থিতি

 06/02/2019 - 16:52

ৰূপহীহাটঃ নগাঁৱৰ জুৰীয়াত তেল ডিফোত উত্তপ্ত পৰিস্থিতি। অত্যধিক মূল্যত নিম্নমানৰ পেট্ৰ’ল যোগান ধৰাৰ অভিযোগ স্থানীয় সচেতন ৰাইজৰ। এশ টকাৰ পেট্ৰ’ল ক্ৰয় কৰিলে ৬৮ টকাৰ মূল্যৰ পেট্ৰ’ল হে ধৰে৷

পেট্ৰ’ল ডিপোটোত ভেজাল তেল যোগান ধৰাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি বিভিন্ন শ্ল’গানেৰে প্ৰতিবাদী ৰাইজে পৰিৱেশ উত্তাল কৰি তোলে৷

স্থানীয় প্ৰশাসনে অতি সোনকালে এই কাৰ্য বন্ধ নকৰিলে পৰিস্থিতি আৰু অধিক ভয়ানক হ’ব বুলি সকিয়াই দিয়ে স্থানীয় সচেতন ৰাইজে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।