'ইণ্ডিয়ান টেলেণ্ট আইকন নেশ্যনেল এৱাৰ্ড ২০২১' লাভেৰে অসমলৈ গৌৰৱ সাগৰিকা গোস্বামীৰ

 10/09/2021 - 12:18
 
 
পূৱ বৰপেটাঃ শিক্ষা, সাহিত্য ৰচনা, সংস্কৃতি, দাৰ্শনিক তত্ব বিষয়ক সফলতা আদিত সমানে অদ্বিতীয় কৃতকাৰ্য্যতা লাভ কৰা সাগৰিকা গোস্বামীলৈ “ইণ্ডিয়ান টেলেণ্ট আইকন নেশ্যনেল এৱাৰ্ড ২০২১” আগবঢ়ালে “নটা”ৰ তৰফৰ পৰা। প্ৰাপ্ত সন্মানৰ বাবে দিল্লীলৈ নিমন্ত্ৰণ লাভ কৰা সাগৰিকা গোস্বামী স্নাতকোত্তৰ দ্বিতীয় ষান্মাসিকৰ ছাত্ৰী।
 
উক্ত সন্মান লাভ কৰা ভাৰতৰ যোগ্যসকলৰ ভিতৰত আটাইতকৈ কনিষ্ঠা সাগৰিকা গোস্বামীয়ে খুব কম সময়ত শিক্ষা তথা সাহিত্য-সংস্কৃতি আদিত শ্ৰেষ্ঠত্ব অৰ্জন কৰি এই সন্মান লাভেৰে গৌৰৱ কঢ়িয়ালে অসমলৈ।
 
নলবাৰী জিলাৰ শ্ৰী হেমন্ত কুমাৰ গোস্বামী আৰু শ্ৰী অনামিকা গোস্বামীৰ কন্যা সাগৰিকা গোস্বামীয়ে চলিত বৰ্ষতেই এটা নেশ্যনেল ৰেকৰ্ড কৰাৰ লগতে গোল্ডেন ষ্টাৰ এৱাৰ্ড লাভ কৰিও ৰাষ্ট্ৰীয় খ্যাতি অৰ্জন কৰিছিল। সাহিত্য-সংস্কৃতিৰ লগতে সমানুপাতিকভাৱে শিক্ষাৰ জগতখনত নিজক আগবঢ়াই নি থকা সাগৰিকা গোস্বামীৰ সৃষ্টিত তবধ মানিছে ‘নটা’ৰ বিষয়ববীয়াসকলে।
 
সাগৰিকা গোস্বামীয়েও উল্লেখ কৰা অনুসৰি তেওঁ দ্বিতীয় শ্ৰেণীত পঢ়ি থকাৰ পৰাই এগৰাকী সুদক্ষ অধ্যাপিকা হোৱাৰ লক্ষ্য লৈ বৰ্তমানো সেই দিশে গতি কৰি আছে। লগতে সাহিত্য-সংস্কৃতিৰ জগতখনতো তেওঁ নিজক আগবঢ়াই নিবলৈ চেষ্টা কৰিব বুলি আমাক জানিবলৈ দিয়ে। আমি তেওঁৰ জীৱন তথা লক্ষ্য পথৰ উত্তৰোত্তৰ কামনা কৰিছোঁ।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।