ঈদ উপলক্ষে বাহমুৰাত হিন্দু লোকে প্ৰদান কৰে বস্ত্ৰ

 06/02/2019 - 18:08

বৰপেটাঃ বৰপেটা চহৰৰ সমীপৱৰ্তী বাহমুৰাত আজি হিন্দু ধৰ্মাৱলম্বী এগৰাকী ব্যক্তিয়ে সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰি দুখীয়া মুছলমান লোকক বস্ত্ৰ প্ৰদান কৰে৷

বিগত কেইবছৰৰ দৰে এইবাৰো সমাজকৰ্মী উত্তম কুমাৰ ঘোষে পিতৃ জগবন্ধু ঘোষৰ নামত পবিত্ৰ ঈদ উপলক্ষে আজি দুখীয়া মুছলমান লোকক প্ৰদান কৰে বস্ত্ৰ৷ উত্তম কুমাৰ ঘোষে সম্পূৰ্ণ নিজা প্ৰচেষ্টাত বাহমুৰা, গৰেমাৰী গাঁও, গৰেমাৰী পথাৰ, সনকুছি, ধানবন্ধা, দাবালীয়াপাৰা, যতিগাঁও, দেউৰীকুছি আদি অঞ্চলৰ প্ৰায় পাঁচ শতাধিক পুৰুষ মহিলাক শাড়ী আৰু লুঙী প্ৰদান কৰে৷

উত্তম কুমাৰ ঘোষৰ নিজ বাসগৃহত অনুষ্ঠিত বস্ত্ৰ প্ৰদান অনুষ্ঠানত অঞ্চলটোৰ কেইবাগৰাকী বয়োজ্যেষ্ঠ লোক উপস্থিত থাকে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।