ৰে'ল নগৰী লামডিঙত সুজিত সোমক সম্বৰ্ধনা

 06/02/2019 - 18:24

লামডিং: লামডিঙৰ এজন বিশেষ ব্যক্তি৷ যিজন ব্যক্তিয়ে দৈনিক উপাৰ্জন কৰা টকাৰে নিজে চলি অহাৰ লগতে সমাজৰ দুখীয়া নিছলা শিশুসকলক কিতাপ-কলম-কাপোৰকে আদি কৰি আৰ্থিকভাৱেও সহায়ৰ হাত আগবঢ়াই আহিছে। তেওঁৰ ঘৰ লামডিং আনন্দ পল্লী এলেকাত।

এক কথাত মানৱতাৰ এক উৎকৃষ্ট নিদৰ্শন তেওঁ আৰু সেই ব্যক্তিজনেই হ'ল সুজিত সোম। যোৱা ২০ বছৰ ধৰি নিজৰ ধন খৰচ কৰি তেওঁ সমাজৰ বিভিন্ন দুখীয়া পৰিয়ালক সহায়ৰ হাত আগবঢ়াই আহিছে। তেওঁৰ এই সমাজ সেৱাৰ কামৰ কাৰণে হোজাই জিলাৰ বিভিন্ন দল সংগঠনৰ তৰফৰপৰা আদৰণি জনাই হোজাই জিলাৰ ডিচি তন্ময় প্রতীম বৰগোহাঁইয়ে।

শংকৰ দেৱনগৰৰ এক অনুষ্ঠানত তেওঁক অসমৰ পৰম্পৰা ফুলাম গামোচা আৰু সম্বৰ্ধনা পত্রৰে আদৰণি জনোৱা হয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।