বিশ্বনাথত ভয়ংকৰ পথ দুৰ্ঘটনা

 10/10/2021 - 16:30
 
বিহালীঃ বিশ্বনাথৰ বৰা নাৰ্ছিং হোমৰ সন্মুখত পথ দুৰ্ঘটনা। টাটা এ.চি. AS32 C 023 নম্বৰৰ গাড়ীখনৰ মালিক মণি মুক্তান গলীয়াৰ নিবাসীয়ে দোকানত টায়াৰ সলাই ওলাই অহাত পাছফালৰ পৰা AS 12X 9264 নম্বৰৰ বেলনো গাড়ী এখন চতিয়াৰ নিবাসী মনোজ শইকীয়াৰ তীব্ৰ গতিত আহি খুন্দা মাৰে। ঘটনাস্থলীত বিশ্বনাথৰ যান-বাহন আৰক্ষী আহি তেওঁলোকক থানালৈ লৈ আহি সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে নিৰীক্ষণ অব্যাহত আছে। অৱশ্যে এই দুৰ্ঘটনাত কোনো লোক আঘাতপ্ৰাপ্ত হোৱা নাই। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।