চেঙাৰ এটি দুৰ্ভগীয়া পৰিয়ালৰ কৰুণ গাঁথাঃ সহায়ৰ বাবে কাতৰ আহ্বান

 10/10/2021 - 18:20
 
 
পূৱ বৰপেটাঃ বৰপেটা জিলাৰ চেঙা গাঁৱৰ আৰ্থিকভাৱে তেনেই দুৰ্বল এটি পৰিয়াল। কিন্তু বিধিৰ বিধান কোনে খণ্ডাব! পৰিয়ালটোলৈ নামি আহিল ঘোৰ অন্ধকাৰ। এওঁ প্ৰদীপ দাস। পত্নীৰ লগতে দুজন কণমানি পুত্ৰ সন্তানৰ সৈতে অশেষ শ্ৰম কৰি কোনোমতে চলাই আছিল পৰিয়াল। হৎঠাতে লিভাৰৰ জটিল ৰোগত আক্ৰান্ত হৈ পৰাত পৰিয়ালটোলৈ নামি আহিছে অমানিষা। ধনৰ অভাৱত কৰিব পৰা নাই উন্নত চিকিৎসা। এমাহ ধৰি এনেদৰে বিচনাতে যুঁজি আছে মৃত্যুৰ সৈতে। মুখ্যমন্ত্ৰীৰ লগতে ৰাইজলৈ পত্নীৰ কাতৰ আহ্বান, আমাক সহায় কৰক। চেঙা গ্ৰামীণ বিকাশ বেংকত থকা IFC -PUNBORRBAGB আৰু 7104010126922 একাউণ্ট নম্বৰত সহায় কৰিব পাৰিব বুলিও জনাইছে পত্নীগৰাকীয়ে। যোগাযোগ নম্বৰ: ৯৩৬৫৩২৫৫৮১
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।