10/11/2021 - 14:02
in
টীয়কঃ দেশত অত্যাবশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে দেশবাসীক জুৰুলা কৰি অহাৰ মাজতে শেহতীয়াভাৱে পেট্ৰলিয়াম আৰু ইন্ধনজাত সামগ্ৰীৰ অভাৱনীয় দাম বৃদ্ধিয়ে হাহাকাৰ লাগিছে সৰ্বসাধাৰণৰ মাজত। কিয়নো শেহতীয়াভাৱে ক’ভিড সৃষ্ট পৰিৱেশৰ বাবেই অৰ্থনৈতিকভাৱে জুৰুলা সাধাৰণ লোকৰ ওপৰত এই ধৰণৰ মূল্যবৃদ্ধি সহজভাৱে কোনেও লব পৰা নাই৷ ৰাজ্যত আজি প্ৰতিলিটাৰ পেট্ৰল এশ টকা৷
এল পি জি গেছৰ চিলিণ্ডাৰ প্ৰায় একহাজাৰ টকা৷ এই ক্ষেত্ৰত চৰকাৰ নীৰৱ, সাধাৰন জনতাৰ মূৰত ৰামটাঙোন সোধাই আমেজ লোৱা ৰজাঘৰীয়াৰ আকৌ অদ্ভুত মন্তব্য এজনে যদি ক’ভিড ভেকচিন বিনামূলীয়াকৈ দিয়াৰ বাবে তেল দাম বাঢ়িছে বুলি কয়৷ আনজনে আকৌ তাতোতকৈও অলপ আগুৱাই গৈ তেলৰ দাম বঢ়াৰ বাবেই মটৰ চাইকেলত তিনিজন উঠাৰ লগতে সাংবাদিকক চাইকেল চলাই বাতৰি কৰাৰ পৰামৰ্শ দি য়ায়৷ যিসমূহ অদ্ভুত মন্তব্যত জনতা কিছু বিতুস্ত হ’লেও কিন্তু দিনটোও কিছু হাঁহিৰ খুৰাক দিযে৷ শাৰদীয় পূজাৰ বতৰত এনেধৰণৰ কাৰ্যই বিপাঙত পেলাইছে ৰাইজক আৰু সেই লৈ ৰাজ্যৰ বাভিন্ন প্ৰান্তত ব্যাপক প্ৰতিক্ৰিয়া হোৱা দেখা গৈছে।