10/11/2021 - 15:23
in
নিউজ ডেস্কঃ অসমৰ তিনিবাৰৰ মুখ্যমন্ত্ৰী তথা প্ৰয়াত কংগ্ৰেছ নেতা তৰুণ গগৈৰ আজি জন্মদিন। ১৯৩৬ চনত জন্মগ্ৰহণ কৰা এইগৰাকী ৰাজনৈতিক নেতাই ২০২০ চনৰ ২৩ নৱেম্বৰত ইহ সংসাৰ ত্যাগ কৰিছিল।১৯৬৮ চনত যোৰহাট পৌৰসভালৈ নিৰ্বাচিত হৈ গগৈয়ে ৰাজনৈতিক জীৱনৰ পাতনি মেলাৰ পিছত এঢাপ এঢাপকৈ আগুৱাই আহি সাংসদ হিচাপে দায়িত্ব পালন কৰাৰ উপৰিও কেন্দ্ৰীয় মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰি পৰৱৰ্তী সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে সুদীৰ্ঘ ১৫ বছৰ সময় মুখ্যমন্ত্ৰী হৈ থাকি ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছিল।
প্ৰয়াত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ সময়ছোৱাত কংগ্ৰেছৰ যুটীয়া সম্পাদক হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পিছত প্ৰায়ত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ সময়ছোৱাত আছিল কংগ্ৰেছ দলটোৰ সাধাৰণ সম্পাদক। দুটাকৈ কাৰ্যকাল প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰা গগৈ ৰাজ্যৰ কংগ্ৰেছ দলটোৰ বাবেই এসময়ত হৈ পৰিছিল অবিসম্বাদী নেতা।লক্ষণীয়ভাৱে সুদীৰ্ঘ সময় ধৰি ৰাজনীতিত সক্ৰিয় হৈ থকাৰ উপৰিও সাংসদ, বিধায়ক, কেন্দ্ৰীয় মন্ত্ৰী, মুখ্যমন্ত্ৰী আদিৰ দায়িত্ব পালন কৰা গগৈৰ বিৰুদ্ধে উত্থাপন হোৱা নাছিল এটাও দুৰ্নীতিৰ অভিযোগ।