10/11/2021 - 16:38
in
মৈৰাবাৰীঃ চাইবাৰ অপৰাধীয়ে ভৰি পৰিছে মৈৰাবাৰীৰ লেংৰীবৰী৷ ইয়াৰ ফলত বিভিন্ন ক্ষেত্ৰত ব্যাপক সমস্যাৰ সৃষ্টি হৈছে৷ এই চাইবাৰ অপৰাধীৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে যদিও এচাম অপৰাধীয়ে অপৰাধ কাৰ্য চলাই আছে৷ এইবাৰ বিহাৰ আৰক্ষীৰ তদন্তত গ্ৰেপ্তাৰ দিলোৱাৰ হুছেইন নামৰ এটা কুখ্যাত চাইবাৰ অপৰাধী৷ দিলোৱাৰ হুছেইন নামৰ এই চাইবাৰ অপৰাধীটোৱে বিহাৰৰ চাইবাৰ অপৰাধীৰ লগত মিলি ইমান দিনে চলাই আছিল লাখ লাখ টকাৰ লুণ্ঠন। উল্লেখ্য যে বিহাৰত হোৱা এক হত্যাকাণ্ডৰ লগত জড়িত থকাৰ সন্দেহ দিলোৱাৰ হুছেইন।
বিহাৰ আৰক্ষীৰ তদানীন্তন এটা দলে মৈৰাবাৰীৰ লেংৰীবৰীৰ পৰা গ্ৰেপ্তাৰ কৰে অপৰাধীটোক। বিহাৰৰ পৰা অহা এদল আৰক্ষী আৰু মৈৰাবাৰী থানাৰ যৌথ অভিযানত গ্ৰেপ্তাৰ কৰে এই চাইবাৰ অপৰাধী টোক। দেশৰ আন আন ৰাজ্যৰ লগতে বিহাৰ আৰু অসমৰ বহু লোকৰ পৰা OTP সংগ্ৰহ কৰি, সেই সকলৰ নামত লোণ লৈ লুটি আছিল লাখ লাখ টকা।দিলোৱাৰ হুছেইনৰ পৰা 300 মান চিম কাৰ্ড আৰু দহ টা মোবাইল ফোন জব্দ কৰে আৰক্ষীয়ে। এতিয়া প্ৰশ্ন হ’ল মৈৰাবাৰী থানাৰ অন্তৰ্গত লেংৰিবৰী ঠাইখন চাইবাৰ অপৰাধীৰ হটছপটত পৰিণত হৈছে নেকি? ই এক ভাবিবলগীয়া বিষয়।