আদিবাসী জনগোষ্ঠীক "চাহ জনগোষ্ঠী" বুলি আখ্যা দিয়াক লৈ তীব্ৰ ক্ষোভ আছাৰ

 06/02/2019 - 18:35

চামগুৰি: চামগুৰিৰ উদমাৰিত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা(আছা)ৰ উত্তাল প্ৰতিবাদ। শতাধিক চাহ শ্ৰমিকে ৰাজপথত সাহিত্যিক সুশীল কুৰ্মীৰ প্ৰতিকৃতি দাহ কৰি সাব্যস্ত কৰিলে প্ৰতিবাদ।

নৱম শ্ৰেণীৰ দ্ৰুত পাঠত আদিবাসী জনগোষ্ঠীটোক "চাহ জনগোষ্ঠী" বুলি আখ্যা দিয়াক কেন্দ্ৰ কৰি তীব্ৰ ক্ষোভ আছাৰ। প্ৰকাশক অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ জিতু গোস্বামীক শীঘ্ৰে শুদ্ধ ৰূপান্তৰকৰণৰ দাবী আছাৰ নগাঁও জিলা সমিতিৰ।

শুদ্ধ নকৰা পৰ্যন্ত চাহ অধ্যুষিত অঞ্চলৰ বিদ্যালয়ত "বৈচিত্ৰময় অসম" নামৰ পাঠ্যপুথিখন নিষিদ্ধ কৰাৰ সিদ্ধান্ত নগাঁও জিলা আছাৰ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।