বৰগাছাত দুৰ্গা পূজা মণ্ডপৰ সভাগৃহ উদ্বোধন সাংসদ কুইন ওজাৰ

 10/11/2021 - 19:46
 
 
বাহাৰঘাটঃ আনটাইদ ফাণ্ডৰ দহলাখ টকা ব্যয় সাপেক্ষত নিৰ্মিত সভাগৃহ উদ্বোধন কৰে গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজাই৷ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে মংগলদৈ লোকসভা সমষ্টিৰ সাংসদ তথা বিজেপি ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া আৰু বৰক্ষেত্ৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক নাৰায়ণ ডেকা৷ বৰগাছাৰ পিচতে সাংসদ দ্বয়ে দেহাৰকুছি দুৰ্গা পূজাত উপস্থিত হৈ ৰাইজৰ মাজত মতবিনিময় কৰে৷ সহযোগ কৰে বিজেপি নলবাৰী জিলা সমিতিৰ সভাপতি ডা০ মৃগাংক তালুকদাৰ, ৰাজ্যিৰ কাৰ্য্যনিৰ্বাহ সদস্য মধুৰাম ডেকাৰ লগতে বহুতো দলীয় কাৰ্য্যকৰ্তা৷
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।