দেওপানী মন্দিৰত দুৰ্গা পূজাৰ উপলক্ষে মাস্ক আৰু পানী যোগান এটা পৰিয়ালৰ

 10/12/2021 - 12:59
 
 
 
বোকাজানঃ কাৰ্বিআংলং জিলাৰ বোকাজান মহকুমাৰ ঐতিহাসিক দেওপানী মন্দিৰত দুৰ্গাপূজাৰ সময়ত ৰাইজে ভিৰ কৰেহি। গোলাঘাট, যোৰহাট বিভিন্ন জিলাৰ পৰা পূজা অৰ্চনা কৰিবলৈ ভিৰ কৰেহি ঐতিহাসিক দেওপানী মন্দিৰত। মন্দিৰত পূজা-অৰ্চনা কৰা লোকসকলক পানী যোগান আৰু মাস্ক বিতৰণ কৰে। দেওপানীৰ স্থানীয় যুৱ ব্যৱসায়ী মনোজ পাৰিকে। ক’ৰণা মহামাৰীৰ বাবে জনসমাগম হোৱা অঞ্চলত যাতে ক’ৰণা সংক্ৰমণ ৰোধ হয় তাৰ বাবে মাস্ক বিতৰণ কৰে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।