10/12/2021 - 13:18
in
বদৰপুৰঃ আজি মহাসপ্তমী। দেবী বন্দনাৰে সকলো ব্যস্ত। সমগ্ৰ ৰাজ্যৰ লগতে সমান্তৰালকৈ কৰিমগঞ্জৰ বদৰপুৰত এক উখল-মাখল পৰিৱেশ। দুর্গা পূজা উপলক্ষে বদৰপুৰ ৰে’লৱে কলনিৰ প্ৰতিটো পূজা মণ্ডপত ক’ৰনা সচেতনসহ মহামাৰী ক’ৰনাৰ সময়ত যিসকলে পুলিচ কর্মী, সাংবাদিক, চাফাই কর্মীয়ে দিনে-নিশাই কাম কৰিছিলে সেইসকলক বহুকেইটা পূজা মণ্ডপত সংবৰ্ধিত কৰা হয়। অগ্নিনির্বাপক বাহিনীও প্ৰতিটো পূজা মণ্ডপত চোকা দৃষ্টি ৰাখিছে। যেনে কোন ধৰণৰ অপ্ৰীতিকৰ ঘটনা বা অগ্নিকাণ্ড সংঘটিত নহয় তাৰ বাবে সাজু হৈ থকাৰ দৃশ্য পৰিলক্ষিত হয়।