10/12/2021 - 13:37
in
কামপুৰঃ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত তিৱা স্বায়ত্বশাসিত পৰিষদৰ অন্তৰ্ভুক্ত নামবৰ লালুং গাঁৱত দুটাকৈ পথৰ শুভ উদ্বোধনী কৰে বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে। উল্লেখ্য যে তেতেলিসৰাডত কামপুৰ-কঠিয়াতলী পথৰ পৰা দিবাকৰ বৰা ঘৰলৈ থকা তিনিশ মিটাৰ দৈৰ্ঘ্যৰ এটা পথৰ এশ মিটাৰ চি চি ব্লক দি নিৰ্মাণ কৰাৰ লগতে পৰিষদীয় সমষ্টিটোৰ নামবৰ গাঁৱটো আন এটা পথ নিৰ্মাণ কৰিছিল তিৱা স্বায়ত্ব পৰিষদৰ তৰফৰ পৰা। আজি এই শুভ উদ্বোধনী অনুষ্ঠানত বিধায়কজনৰ লগত উপস্থিত থাকে তিৱা স্বায়ত্বশাসিত পৰিষদৰ অধ্যক্ষ মদন বৰদলৈ, তিৱা স্বায়ত্বশাসিত পৰিষদৰ সদস্য ইন্দ্ৰ বৰদলৈ, কঠিয়াতলী মণ্ডলৰ মণ্ডল চন্দন বৰা ৰূপাংক বৰদলৈ আৰু বিজেপিৰ বিষয়ববীয়াসকল।