03/13/2019 - 12:06
in
গুৱাহাটী: জল্পনা-কল্পনাৰ অন্ত পেলাই লোকসভা নিৰ্বাচনৰ পূৰ্বে ভাৰতীয় জনতা পাৰ্টীৰ সৈতে পুনৰ মিত্রতা স্হাপন হৈছে আঞ্চলিক দল অসম গণ পৰিষদৰ। বহু সময় ধৰি চলা এক আলোচনাচক্ৰত বিজেপি আৰু অগপৰ নেতৃত্বই এই সিদ্ধান্ত গ্ৰহণ কৰে।
বিজেপিৰ মহাসচিব ৰাম মাধৱ আৰু অগপৰ অধ্যক্ষ অতুল বৰাই জানিবলৈ দিয়া মতে,তেওঁলোকৰ লগত মিত্রতাৰ তৃতীয় দল হিচাপে বড়োলেণ্ড পিপলছ ফ্ৰণ্টো মিলিত হ'ব ।
বিজেপিৰ মহাসচিব ৰাম মাধৱে টুইটাৰযোগে জনোৱা মতে, ''আগন্ত্তক লোকসভা নিৰ্বাচনত কংগ্ৰেছক পৰাস্ত কৰিবলৈ অগপ আৰু বিজেপিয়ে পুনৰ মিত্রতাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। গুৱাহাটীত অনুষ্ঠিত হোৱা এই আলোচনাচক্ৰত বিজেপিৰ হিমন্ত বিশ্ব শৰ্মা,অগপৰ অতুল বৰা আৰু কেশৱ মহন্ত উপস্হিত থাকে। মিত্রতাৰ তৃতীয় দল হিচাপে বড়োলেণ্ড পিপলছ ফ্ৰণ্ট আমাৰ লগত থাকিব''।