আছুৰ শেনচোৱা পুখুৰী শাখাৰ নতুন সমিতি গঠন

 06/02/2019 - 19:00

খোৱাংঃ খোৱাং আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত শেনচোৱা পুখুৰী শাখা ছাত্ৰ সন্থাৰ এখন সাধাৰণ সভা শনিবাৰে শেনচোৱা পুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাঙ্গনত অনুষ্ঠিত হৈ যায়। সভাত শাখা ছাত্ৰ সন্থাৰ পুৰণা সমিতিখন ভঙ্গ কৰি নতুন সমিতি গঠন কৰা হয়। সমিতিত অচ্যুত কৃষ্ণ দুৱৰাক সভাপতি আৰু ৰবী বৰদলৈক সম্পাদক হিচাপে লৈ মুঠ ৩১ জনীয়া এখন নতুন সমিতি গঠন কৰা হয়।

সভাত সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক দেৱন সোণোৱাল, প্ৰচাৰ সম্পাদক ৰাহুল কোঁ‌ৱৰ, খোৱাং আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা পুষ্পজিৎ কোঁ‌ৱৰ আৰু সভাপতি অংকুৰ শইকীয়া উপস্থিত থাকে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।