চাহ বাগিচা অঞ্চলত মদৰ প্ৰচলনে ছাত্ৰ-ছাত্ৰীৰ শিক্ষাত প্ৰভাৱিত কৰিছে: দীপক চন্দ্ৰ নাথ

 06/02/2019 - 19:18

ৰঙাপৰা: শোণিতপুৰ জিলাৰ ৰঙাপৰাত অসম চাহ জনজাতি ছাত্ৰ সন্থা(আটছা)ই উচ্চ-উচ্চতৰ মাধ্যমিকত জনগোষ্ঠীয় উত্তীৰ্ণ কৃতী ছাত্র ছাত্ৰীক অভিনন্দন অনুষ্ঠানৰ দ্বাৰা আজি সম্বৰ্ধনা জনায়। সদ্যঘোষিত উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ১৫০ গৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। ইয়াৰে ৰ্ঐতিহ্যমণ্ডিত বৰজুলি চাহ শ্ৰমিক কল্যাণ কেন্দ্ৰত আজি পুৱা ৯:৩০ বজাত পতাকা উত্তোলনৰে অনুষ্ঠানটিৰ শুভাৰম্ভ কৰা হয়। পতাকা উত্তোলন কৰে আটছাৰ ৰঙাপৰা উপ শাখাৰ সভাপতি চাকিৰাম তাঁতিয়ে। ইপিনে আটছাৰ ৰঙাপৰা উপ শাখাৰ সম্পাদক শচিনান্ধ কন্ধই শ্বহীদ তৰ্পন কৰে।

আটছাৰ ৰঙাপৰা উপ শাখাৰ সহ সম্পাদক শিৱা কৰ্মকাৰে আঁত ধৰা সম্বৰ্ধনা অনুষ্ঠানটিত সভাপতিত্ব কৰে আটছাৰ উপ শাখাৰ সভাপতি চাকিৰাম তাঁতীয়ে। সম্বৰ্ধনা অনুষ্ঠানটিত বৰজুলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ দীপক চন্দ্ৰ নাথ, সোনাজুলি এম ভি স্কুলৰ প্ৰধান শিক্ষক বদন ছেত্রী, শোনিতপুৰ জিলা পৰিষদৰ সভানেত্ৰী ডলি চুৰিন, জিলা পৰিষদৰ সদস্য মৃনাল শইকীয়া, কল্পদ্ৰুম একাডেমীৰ অধ্যক্ষা গৌৰী মণ্ডল, বালিপৰা খণ্ডৰ শিক্ষা বিষয়া মনিষ ঠাকুৰ, শোণিতপুৰ জিলা চাহ জনগোষ্ঠীয় কল্যাণ বিভাগৰ সভাপতি ধ্ৰুৱ কুৰ্মী, আটছাৰ শোণিতপুৰ জিলা সমিতিৰ সভাপতি কৃষ্ণ কমল তাঁতী, প্রাক্তন ছাত্র নেতা ৰাজেন ৰোহি দাস, ৰবাৰ্টচন খৰা, মিথুন তাঁতী, দৌলত ৰাজোৱাৰ, সুনিল টুটী, শিবেশ্বৰ গোৱালা, জাতীয় সংগঠনৰ নেতৃত্ব আৰু গোৰ্খা ছাত্র সন্থাৰ বিষয়বৱীয়া আৰু বড়ো ছাত্ৰ সন্থাৰ বিষয়ববীয়াৰ লগতে বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকে।

সভাত অংশগ্ৰহণ কৰি বৰজুলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ দীপক চন্দ্ৰ নাথে চাহ বাগিচা অঞ্চলত মদৰ অবাধ প্ৰচলনে বাগিচা অঞ্চলৰ ছাত্র-ছাত্ৰীৰ শিক্ষাত প্ৰভাৱিত কৰিছে বুলি নিজৰ ভাষণত আক্ষেপ কৰে। তেওঁ মাদক দ্ৰব্য নিবাৰণত ছাত্র-ছাত্ৰীসকলৰ লগতে সংগঠনসমূহক ওলাই আহিবলৈ আহ্বান জনায়। চাহ বাগিচা অঞ্চলত অবৈধ মদৰ প্ৰচলনৰ প্ৰভাৱত বহুত ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা আধাতে সামৰিব লগা হয় বুলি তেওঁ আক্ষেপ কৰে।

অবৈধ মদ বন্ধ কৰিব পাৰিলেহে শিক্ষাৰ ক্ষেত্ৰত উৎকৰ্ষতা লাভ কৰিব পাৰিব বুলি তেওঁ উল্লেখ কৰে। সভাত অংশগ্ৰহণ কৰি ৰঙাপৰাৰ সাংবাদিক ছাহিন আহমেদে নিজৰ ভাষণত উল্লেখ কৰে যে ৰঙাপৰা অঞ্চলৰ সাংবাদিকসকলে সদায় অঞ্চলটোৰ ২২ খন চাহ বাগিচাৰ সমস্যাসমূহৰ বাতৰি নিৰন্তৰ পৰিবেশন কৰি আহিছে।

তেওঁ ছাত্র-ছাত্ৰীক সময়ৰ মূল্য অনুধাৱন কৰিবলৈ আহ্বান কৰে। জীৱনত এটি লক্ষ্য স্থিৰ কৰি লৈ আগুৱাই যাবলৈ ছাত্ৰ-ছাত্ৰীক আহ্বান জনায়। কল্পদ্ৰুম একাডেমীৰ অধ্যক্ষা গৌৰী মণ্ডলে নিজৰ ভাষণত উল্লেখ কৰে যে শিক্ষা কেতিয়াও শেষ নহয়, শিক্ষা কেতিয়াও ধ্বংস নহয়। বহুত পিছপৰা অঞ্চলৰ পৰা আহিও আজি ছাত্ৰ -ছাত্ৰীসকলে ভালদৰে উত্তীৰ্ণ হোৱা একপ্ৰসংশনীয় পদক্ষেপ বুলি তেওঁ উল্লেখ কৰে।

আজিৰ সভাত উদীয়মান কবি জোনমনী কৈৰীয়ে তেওঁৰ "আকৌ এবাৰ কবিতাৰ বৰষুণত জীপাল হওঁ" নামৰ নৱতম কবিতাৰ কিতাপখন আটছাৰ ৰঙাপৰা উপশাখাৰ সভাপতি চাকিৰাম তাঁতীক প্ৰদান কৰে। আনহাতে কৃতি ছাত্র -ছাত্রীসকলক গামোচাৰে অভিনন্দন জনোৱা হয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।