ৰাইজৰ মূৰত মাধমাৰ, পুনৰ বাঢ়িল পেট্ৰ’ল-ডিজেলৰ দাম

 10/14/2021 - 13:38
 
 
নিউজ ডেস্কঃ নৱমীত পুনৰ বাঢ়িল পেট্ৰ’ল–ডিজেলৰ দাম। ধাৰাবাহিকভাৱে পেট্ৰ’ল–ডিজেলৰ দাম বৃদ্ধিৰ ফলত চাপ পৰিছে মধ্যবিত্ত পৰিয়ালসমূহৰ মাজত। মাহৰ প্ৰথম দহ দিনত পেট্ৰ’লত ২.৮০ টকা আৰু ডিজেলত ৩.৩০ টকা বৃদ্ধি পাইছে। গুৱাহাটীত আজি প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম ১০০.৭৪ টকা আৰু ডিজেলৰ দাম ৯৩.১৬ টকা। কলকাতাত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম ১০৫.৪৩ টকা আৰু ডিজেলৰ দাম ৯৬.৬৩ টকা। মুম্বাইত পেট্ৰ’ল–ডিজেলৰ দাম হৈছে ক্ৰমে ১১০.৭৫ টকা আৰু ১০১.৪০ টকা।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।