ৰমজান উপলক্ষে ডালমিয়া চিমেণ্টৰ সামাজিক কাৰ্যসূচী

 06/02/2019 - 19:35

হাউলী: পবিত্ৰ ৰমজান মাহ উপলক্ষে ডালমিয়া চিমেণ্ট কোম্পানীয়ে অসমৰ বিভিন্ন প্ৰান্তত সামাজিক পদক্ষেপ গ্ৰহণ কৰি আহিছে। ডালমিয়া চিমেণ্ট কোম্পানীৰ উদ্যোগত দেওবাৰে বৰপেটা জিলাৰ বলাইপাথাৰ কলগাছিয়া এম ই মাদ্ৰাছাত এক অনুষ্ঠান অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত কোম্পানীটোৰ তৰফৰ পৰা বিদ্যালয়খনৰ ১৩২ গৰাকী ছাত্ৰ ছাত্ৰীক পঠন আৰু লিখন সামগ্ৰী, খোৱা খাদ্য আদি বিভিন্ন সামগ্ৰী বিতৰণ কৰা হয়।

ডালমিয়া চিমেণ্ট কোম্পানীয়ে ব্যৱসায়ৰ উপৰি এনেধৰণে লোৱা সামাজিক পদক্ষেপক বিদ্যালয়খনৰ প্ৰধান শিক্ষক মো: চাইন উদ্দিন মোল্লাসহ বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে স্থানীয় ৰাইজে প্ৰশংসা কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।