গোসাঁইগাঁৱত চাকৰিৰ নামত লুণ্ঠন: গুৱাহাটীৰ নাৰায়ণী মাইক্ৰ ফাইনেন্স নামৰ কোম্পানীৰ দুৰ্নীতি

 06/02/2019 - 19:54

শ্ৰীৰামপুৰ: গুৱাহাটী মহানগৰীৰ মাইক্ৰ ফাইনেন্স নামৰ এটা ব্যক্তিগত কোম্পানীয়ে চাকৰিৰ নামত নিবনুৱা যুৱকৰ পৰা লাখ লাখ টকা লুটি নিয়াৰ বাতৰি প্ৰকাশ পাইছে। এই ধন একাংশ এজেণ্টৰ সহায়ত নিছিল বুলি গুৰুতৰ অভিযোগ উঠিছে কাহানিও নুশুনা মাইক্ৰ ফাইনেন্স নামৰ কোম্পানীটোৰ বিৰুদ্ধে। শিক্ষিত নিবনুৱা যুৱক যুৱতীয়ে এতিয়া চাকৰি বিচাৰি হাবাথুৰি খাইছে।

উল্লেখ্য যে ইফালে গুৱাহাটী মহানগৰীতো এনে ঘটনা সংঘটিত হোৱাত দুৰ্নীতিৰ তথ্য পোহৰলৈ আহিছে। প্ৰাপ্ত অভিযোগ মতে গাঁও পঞ্চায়ত আৰু ভি চি ডি চি পৰ্যায়ত এজনকৈ গাঁও পঞ্চায়ত মিত্ৰ নিযুক্তি দিয়া হ'ব আৰু গোসাঁইগাঁৱৰ ভাওৰাগুৰিৰ টকেয়ামাৰি গাঁৱৰ গাওঁবুঢ়া ৰহি দাসৰ পুত্ৰ দয়াল চন্দ্ৰ দাস গোসাঁইগাঁৱৰ বিভিন্ন অঞ্চলৰ প্ৰায় কুৰিগৰাকী নিবনুৱা যুৱকক যোগাযোগ কৰি দিয়ে। 

নিবনুৱা যুৱকক কৰ্ম সংস্থাপনৰ প্ৰলোভন দি প্ৰশিক্ষণ আৰু অন্যান্য সামগ্ৰীৰ বাবদ পাঁচ হেজাৰৰ পৰা চল্লিশ হেজাৰকৈ টকা লয় আৰু এখনকৈ নিযুক্তি পত্ৰ দিয়াৰ লগতে টকা লোৱাৰ ৰিচিভ দিয়ে সেয়েহে ভুক্তভোগীৰ সংস্থাটোৰ ওপৰত সন্দেহ হোৱাত আৰু হাতে হাতে দিয়া নিযুক্তি পত্ৰসমূহ ভুৱা বুলি নিশ্চিত হৈ গুৱাহাটীৰ কাৰ্যালয়ত যোগাযোগ কৰাত কোনো সঁহাৰি নিদি কেৱল ভুৱা আশ্বাস আৰু প্ৰতিশ্ৰুতি দি ঘূৰাই দিয়ে। অৱশেষত সংবাদ মাধ্যমৰ ওচৰ চাপে আৰু গুৱাহাটীৰ উক্ত কোম্পানীটো কৰা দুৰ্নীতিৰ বিৰুদ্ধে উপযুক্ত তদন্ত কৰি শাস্তিৰ দাবী জনায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।