10/15/2021 - 19:33
in
নগৰবেৰাঃ বৰপেটা জিলাৰ মন্দিয়া শিক্ষা খণ্ডৰ অন্তৰ্গত ১৩৯৩ নং আলোপতি ফকিৰপাৰা প্ৰাথমিক বিদ্যালয়ৰ মধ্যাহ্ন ভোজন আৰু আন্তঃগাঁথনিৰ টকা খৰচৰ নামত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি| এই অভিযোগ উত্থাপন হৈছে বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰাহিনুৰ ইছলাম আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি আলি আকবৰৰ বিৰুদ্ধে|
বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি আৰু প্ৰধান শিক্ষকজনৰ মৈমতালিত অতিষ্ঠ ৰাইজ| উপায়ন্তৰ হৈ প্ৰধান শিক্ষক আৰু দুৰ্নীতি পৰায়ণ সভাপতিৰ বিৰুদ্ধে ৰাইজে সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ| সেয়ে ৰাইজে বিদ্যালয় প্ৰধান শিক্ষকৰ বিৰুদ্ধে তদন্ত সাপেক্ষে বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক অনুৰোধ জনায়|