নলবাৰীত নৱ নিৰ্বাচিত দিলীপ শইকীয়া আৰু কুইন ওজাক সম্বৰ্ধনা

 06/02/2019 - 20:04

নলবাৰী: নৱ নিৰ্বাচিত সাংসদ দিলীপ শইকীয়া আৰু কুইন ওজাক আজি নলবাৰীত জনোৱা হয় উষ্ম সম্বৰ্ধনা। নলবাৰী জিলা বিজেপিৰ উদ্যোগত নলবাৰীৰ নাট্য মন্দিৰত আজি অনুষ্ঠিত সম্বৰ্ধনা সভাত এইদৰে বিভিন্ন দল সংগঠনে জনালে উষ্ম সম্বৰ্ধনা। নলবাৰী জিলা বিজেপিৰ সভাপতি বনদ্বীপ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত উদ্যোগ আৰু পৰিবহন মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী, বিধায়ক অশোক শৰ্মা, জিলা পৰিষদৰ সভাপতি নিতুল ডেকা নলবাৰী পৌৰসভাৰ সভানেত্ৰী বিপাসা দাস আদি বহুকেইজন লোক উপস্থিত থাকে।

ইপিনে এইদৰে সকলোৰে সম্বৰ্ধনা গ্ৰহণ কৰি নৱ নিৰ্বাচিত সাংসদ দিলীপ শইকীয়াই নলবাৰীৰ লগতে মঙ্গলদৈ সমষ্টিৰ সমস্যা সমাধানৰ বাবে দিল্লীত সক্ৰিয় ভূমিকা গ্ৰহণ কৰিব বুলি ব্যক্ত কৰে। একেদৰে সাংসদ পুঁজিৰ ধন একেদিনাই সমভাবে বিতৰণ কৰা হ'ব বুলিও এই সভাতে প্ৰতিশ্ৰুতি দিয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।