মাহমৰাত নৱম শ্ৰেণীৰ ছাত্ৰ সন্ধানহীন

 06/02/2019 - 20:13

খোৱাংঃ চৰাইদেউ জিলাৰ মাহমৰা অঞ্চলৰ এজন নৱম শ্ৰেণীৰ ছাত্ৰ যোৱা ২৮ মে'ৰ পৰা সন্ধানহীন হৈ আছে। জানিব পৰা মতে কাকতিবাৰী থানাৰ অন্তৰ্গত মাহমৰাৰ টিমন ১ নং সৰুপথাৰ গাঁ‌ৱৰ নিৱাসী ৰাতুল কুমাৰ ডেকাৰ পুত্ৰ তথা মূলাগাভৰু উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ৰিপুঞ্জয় ডেকা (১৪) নামৰ নৱম শ্ৰেণীৰ ছাত্ৰজন উক্ত দিনা কাকতিবাৰীলৈ যোৱাৰ পৰা সন্ধানহীন হৈ আছে।

পৰিয়ালৰ সূত্ৰই জনোৱা মতে মাহমৰাৰ জেলুকনি গাঁ‌ৱত থকা ককাক জীৱন গগৈৰ ঘৰত থাকি পঢ়া-শুনা কৰি অহা ৰিপুঞ্জই উক্ত দিনা ককাকৰ ঘৰলৈ অহা ভাতৃক ঘৰলৈ পঠিয়াবৰ বাবে গাড়ীত উঠাই দিবলৈ কাকতিবাৰীলৈ গৈছিল। ককাকৰ ঘৰৰ পৰা ওলাই অহা ৰিপুঞ্জয়ে ভাতৃক কাকতিবাৰীত গাড়ীত তুলি পঠিওৱাৰ পিছৰে পৰা সন্ধানহীন হৈ আছে।

পৰিয়ালৰ লোকে সম্ভাৱ্য সকলো স্থানতে বিচাৰ-খোচাৰ কৰি কোনো সম্ভেদ নোপাৱাত কাকতিবাৰী থানাত এক এজাহাৰ দাখিল কৰিছে। ক'লা ছাৰ্ট আৰু নীলা জীনছ পেণ্ট পৰিধান কৰি ঘৰৰ পৰা ওলাই অহা ছাত্ৰজন মিঠা বৰণীয়া। ৪ ফুট ৬ ইঞ্চি উচ্চতাৰ ছাত্ৰজনৰ কোনো লোকে সম্ভেদ পালে ৬০০২৪৫৯৮৯০ নম্বৰত জনাবৰ বাবে পৰিয়ালৰ লোকে অনুৰোধ জনাইছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।