সোণাউল্লাহৰ গোচৰৰ তদন্তকাৰী বিষয়াৰ বিৰুদ্ধে গোচৰ

 06/02/2019 - 20:38

ডিজিটেল ডেস্কঃ প্ৰাক্তন সেনা বিষয়া মহম্মদ সোণাউল্লাহৰ গোচৰৰ সীমান্ত শাখাৰ তদন্তকাৰী বিষয়া চন্দ্ৰমল দাসৰ বিৰুদ্ধে বকো থানাত এজাহাৰ দাখিল কৰা হৈছে। সীমান্ত শাখাৰ তদন্তকাৰী বিষয়াগৰাকীৰ বিৰুদ্ধে আমজাদ আলী আহমেদ, ছোবাহান আলী আৰু কুৰান আলী নামৰ ব্যক্তি তিনিজনে এজাহাৰ দাখিল কৰিছে।

সোণাউল্লাহৰ বিৰুদ্ধে দাখিল কৰা তদন্তৰ প্ৰতিবেদনত সাক্ষী হিচাপে সন্নিৱিষ্ট কৰা হৈছিল এই তিনিজন লোকৰ নাম। কিন্তু সমগ্ৰ ঘটনাৰ কথা অস্বীকাৰ কৰিছে এজাহাৰ দাখিল কৰা তিনিওজন ব্যক্তিয়ে।

এই ঘটনাৰ বিষয়ে তেওঁলোক কোনোধৰণে জ্ঞাত নহয় বুলি দাবী কৰিছে। তদুপৰি সাক্ষ্য প্ৰদান কৰিবলৈ মতা নাছিল বুলি ব্যক্তি তিনিজনে জানিবলৈ দিয়াৰ লগতে তদন্তৰ প্ৰতিবেদনত ভুৱা চহী কৰাৰ অভিযোগ কৰিছে তিনিওজনে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।