10/18/2021 - 13:54
in
গহপুৰঃ ড্ৰাগছ, ভাং, অবৈধ অৰুণাচলী সুৰাৰে ভৰি পৰিছে হেলেমৰ বিভিন্ন প্ৰান্ত। যাৰ পৰিপেক্ষিতত পংগু হোৱাৰ দিশে গতি কৰিছে নৱ প্ৰজন্ম। কুম্ভকৰ্ণৰ নিদ্ৰাত নিদ্ৰামগ্ন আৱকাৰী বিভাগ।
আৱকাৰী বিভাগৰ পৰিৱৰ্তে মদ, ভাঙৰ বিৰুদ্ধে অভিযান চলাবলগীয়া হৈছে আৰক্ষীয়ে। হেলেমৰ কাৰিবিলত নিশা হেলেম আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি হীমা দেবী দুলাল নামৰ এগৰাকী মহিলাৰ ঘৰৰ পৰা প্ৰায় ১.৫০ কিলোগ্ৰাম ভাঙসহ মহিলা গৰাকীক আটক কৰিবলৈ সক্ষম হয়।
হেলেম আৰক্ষীয়ে মহিলা গৰাকীৰ বিৰোদ্ধে হেলেম থানাৰ গোচৰ নং ৪৯/২০২১ আৰু ভাৰতীয় দণ্ড বিধি আইন ২০/bA ত গোচৰ ৰুজু কৰি আইনি প্ৰক্ৰিয়া আৰম্ভ কৰিছে। ভাংখিনিৰ আনুমানিক বজাৰ মূল্য পাঁচ হাজাৰ টকা। উল্লেখ্য যে মহিলা গৰাকীয়ে দীৰ্ঘদিন ধৰি ভাঙৰ ব্যৱসায় চলাই আহিছে।