আজিৰে পৰা ১০০ শতাংশ যাত্ৰীৰে চলিব ঘৰুৱা বিমান

 10/18/2021 - 14:34
 
 
 
 
নিউজ ডেস্কঃ অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে আজিৰে পৰা ঘৰুৱা বিমানসমূহ ১০০ শতাংশ যাত্ৰীৰে চলাচলৰ অনুমতি প্ৰদান কৰিছে৷ আজিৰে পৰা সম্পূৰ্ণ ক্ষমতাৰ সৈতে বিমানসমূহ চলাচল কৰিব।অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে সদৰী কৰা অনুসৰি ১৮ অক্টোবৰৰ পৰা ঘৰুৱা বিমান উৰণত যাত্ৰীসকলৰ প্ৰতি লগোৱা নিষেধাজ্ঞাসমূহ উঠাই লোৱা হৈছে।
 
কেন্দ্ৰীয় চৰকাৰে যাত্ৰীসকলক সম্পূৰ্ণ ক’ভিড প্ৰট’কল পালন কৰিবলৈ আহ্বান জনাইছে। উল্লেখ্য যে আজিৰে পৰা ১০০ শতাংশ যাত্ৰীৰে ঘৰুৱা বিমান চলা বাবে সুখী হৈ উঠিছে যাত্ৰী আৰু ঘৰুৱা বিমানৰ কৰ্তৃপক্ষ। কেন্দ্ৰীয় চৰকাৰে ২০২১ চনৰ ছেপ্টেম্বৰ মাহত ঘৰুৱা বিমানৰ যাত্ৰীৰ ক্ষমতা ৭২.৫ শতাংশৰ পৰা ৮৫ শতাংশলৈ বৃদ্ধি কৰিছিল। ইয়াৰ পূৰ্বে অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে জুলাই মাহত ঘৰুৱা বিমানৰ ক্ষমতা ৫০ শতাংশৰ পৰা ৬০ শতাংশলৈ বৃদ্ধি কৰিছিল।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।