হোজাইৰ এখন গাঁৱত নাই কাতি বিহুৰ উৎসাহ-উদ্দীপনাঃ আপোন খেতি ডৰালৈ চাই হুমুনিয়াহ কাঢ়িছে ৰাইজে

 10/18/2021 - 15:03
 
 
 
 
 হোজাইঃ আজি কাতি বিহু। অসমীয়াৰ বাপতি সাহোন কাতি বিহু আহি চোতাল পালেহি৷ সেউজীয়া হৈ পৰা ধাননী ডৰাৰ মংগলৰ বাবেই এই বিহু পালন কৰে। লখিমীক সন্তুষ্ট কৰি ধাননি দৰাক ৰক্ষা কৰাৰ লক্ষ্যৰে পালন কৰা হয় কাতি বিহু তুলসী তলত, হেঁপাহৰ খেতি দৰাত আকাশবন্তিৰ পোহৰে আজি ধৰা পোহৰাই তুলিব।
 
সমগ্ৰ ৰাজ্যত আজি উখল-মাখল পৰিৱেশ অসমীয়াৰ প্ৰাণৰ তিনিটি বিহুৰ অন্যতম এই কাতি বিহু বা কঙালী বিহুৰ। তিনিমাহৰ হাড়ভঙা কষ্টৰ অন্ততঃ পথাৰত সোণগুটিৰে জিলিকি উঠাৰ কামনা কৰি প্ৰতিজন চহা খেতিয়কে পথাৰত চাকি জ্বলায়৷ সমগ্ৰ ৰাজ্যৰ লগতে হোজাইতো কাতি বিহু পালন কৰা দেখা গৈছে৷
 
কিন্তু কাতি বিহু উপলক্ষে হোজাই কাকীৰ ৰাইজৰ মাজত সেই কাতি বিহুৰ উৎসাহ-উদ্দীপনা। জলসিঞ্চনৰ ব্যৱস্থা নথকা কাকীবাসী ৰাইজৰ খেতিৰ বাবে একমাত্ৰ ভৰসা বৰষুণ নহোৱাৰ বাবে খৰাংপিড়ীত ৰাইজে খেতি কৰিব নোৱাৰি মূৰে-কপালে হাত দিবলগীয়াত পৰিছে। হেঁপাহৰ খেতি দৰালৈ চাই হুমুনিয়াহ কাঢ়িছে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।