এটা ম’বাইল ফোনৰ বাবে পত্নীয়ে কাঁটা চামুচেৰে কাটিলে স্বামীৰ ওঁঠ, কিন্তু ক’ত?

 10/18/2021 - 15:38
 
 
 
নিউজ ডেস্কঃ মহাৰাষ্ট্ৰৰ ভান্দাৰৰ মাচালৰ খেমৰাজ বাবুৰাও মূল নামৰ ৪০ বছৰীয়া লোকজনে নিজৰ ম’বাইল ফোনটো পৰি ভঙাত পত্নীৰ মোবাইল ফোনটো ব্যৱহাৰ কৰিবলৈ লয়।পত্নীয়ে স্বামী বাবুৰাওক কয় যে মাত্ৰ দুদিনৰ বাবেহে তেওঁৰ ম’বাইল ফোনটো ব্যৱহাৰ কৰিবলৈ দিব। কিন্তু দুদিন পাৰ হোৱাৰ পিছতো পত্নীক ম’বাইল ফোনটো ওভতাই নিদিলে স্বামীয়ে। ইয়াকে লৈ দুয়োৰে মাজত কাজিয়া হয়। কাজিয়াই ইমানেই চূড়ান্ত ৰূপ লয় যে পত্নীয়ে ম’বাইল ফোনৰ বাবে কাঁটাচামুচেৰে খুঁচি খুঁচি স্বামীৰ ওঁঠ কাটি পেলায়। ফলত বাবুৰাওৰ ওঁঠটো কটা যায় আৰু ধাৰষাৰ তেজ ব’বলৈ ধৰে।আহত খেমৰাজ বাবুৰাও লৰালৰিকৈ লখনদুৰৰ এখন গ্ৰামীণ চিকিৎসালয়লৈ যায় আৰু চিকিৎসা কৰায় নিজক। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।