বদৰপুৰ আৰু কৰিমগঞ্জৰ ভাৰত বাংলাদেশ সীমান্তত বাংলাদেশৰ প্ৰতি চৰম বিক্ষোভ প্ৰদৰ্শন সহস্ৰাধিক ৰাইজৰ

 10/18/2021 - 15:58
 
 
 
 
বদৰপুৰঃ বদৰপুৰ আৰু কৰিমগঞ্জৰ ভাৰত বাংলাদেশ সীমান্তত বাংলাদেশৰ প্ৰতি চৰম বিক্ষোভ প্ৰদৰ্শন কৰিলে সহস্ৰাধীক ৰাইজে| সীমান্তৰ কুশিয়াৰা নৈৰ ইপাৰৰ পৰা সিপাৰৰ বাংলাদেশক মাইকযোগে কঠোৰ সকিয়নী প্ৰদান কৰা হয়| সম্প্ৰতি বাংলাদেশত ইছলামিক মৌলবাদীয়ে কেইবাটাও দুৰ্গা প্ৰতিমা ভাঙচুৰ আৰু পূজা পেণ্ডেল লণ্ডভণ্ড সহ হিন্দু নাগৰিকক হত্যাৰ প্ৰতিবাদত এনে কাৰ্যসূচী| বিশ্ব হিন্দু পৰিষদৰ নেতৃত্বত এক প্ৰতিবাদী কাৰ্যসূচী হাতত লৈ কৰিমগঞ্জ চহৰত সমদল কৰি সকলো ৰাইজ গোট খায় সীমান্তত| সীমান্তত প্ৰতিবাদী কাৰ্য্যসূচীৰ জৰিয়তে বাংলাদেশৰ প্ৰতি কঠোৰ ভাষাৰে সকিয়নী প্ৰদান কৰা হয়৷ 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।