বাংলাদেশত হিন্দুৰ ওপৰত হোৱা অত্যাচাৰৰ বিৰুদ্ধে বৰপেটাৰোডত হিন্দু জাগৰণ মঞ্চৰ তীব্ৰ প্ৰতিবাদ

 10/18/2021 - 17:26
 
 
 
 
শালবাৰীঃ হিন্দু জাগৰণ মঞ্চৰ বৰপেটা জিলা সমিতি আৰু বৰপেটাৰোড আঞ্চলিক সমিতিয়ে আজি নামনি অসমৰ বাণিজ্য প্ৰধান চহৰ বৰপেটাৰোডত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে৷ হিন্দুক সুৰক্ষা দিয়াত ব্যৰ্থ বুলি অভিহিত কৰি বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাচিনাৰ পুত্তলিকা দাহ কৰে সংগঠনটোৱে৷ বৰপেটাৰোডৰ কলহভাঙ্গাৰ পৰা অম্বিকাগিৰী চ'কলৈ হিন্দু জাগৰণ মঞ্চৰই এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে৷
 
হিন্দু কৃষ্টি সংস্কৃতি ৰক্ষাৰ বাবে লাখ লাখ হিন্দুই আত্মবলিদান দিবলৈও সাজু থকা বুলি হুংকাৰ প্ৰদান কৰে হিন্দুত্ববাদী সংগঠনটোৱে৷ উল্লেখ্য যে সংগঠনটোৱে "বাংলাদেশত হিন্দুৰ অত্যাচাৰ বন্ধ কৰক", "শ্বেখ হাচিনা হুচিয়াৰ", "ভাৰত মাতা কি জয়" আদি শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।