গুৱাহাটী মহানগৰীত অঘটনঃ নিৰ্মীয়মান ৯ মহলীয়া অট্টালিকাৰ পৰা পৰি এজন শ্ৰমিকৰ কৰুণ মৃত্যু

 10/18/2021 - 17:33
 
 
 
নিউজ ডেস্কঃ গুৱাহাটী মহানগৰীত অঘটন। মহানগৰীৰ পাঠৰকুঁৱৰী সাতগাঁও পথৰ এছ এফ এছ স্কুলৰ সমীপৰ নিৰ্মীয়মান ৯ মহলীয়া অট্টালিকাৰ পৰা পৰি এজন শ্ৰমিকৰ কৰুণ মৃত্যু। কোনো ধৰণৰ সুৰক্ষা কৱচ নিদিয়াকৈ কাম কৰিছিল বুলি শ্ৰমিকসকলে অভিযোগ উত্থাপন কৰে।
 
উল্লেখ্য যে, মহানগৰীৰ পাৰ্শ্ববৰ্তী এলেকা ক্ষেত্ৰী, নিজ ডিমৰীয়াৰ বাসিন্দা গণেশ দাস নামৰ এজন যুৱকে মহানগৰীৰ পাথৰকুৱাৰী সাতগাঁও পথৰ ৰুদ্ৰাক্স নামৰ এপাৰ্টমেণ্টত নিৰ্মাণৰ কাম কৰি আছিল।
 
সোমাবাৰে পুৱাৰ ভাগত গণেশ দাসে অট্টালিকাটোৰ ৯ মহলীয়া চাদৰ ওপৰত কাম কৰি আছিল। তেনে সময়তে গণেশ দাস নামৰ লোকজন ওপৰ মহলৰ পৰা বাগৰি তলত পৰি থিতাতে নিহত হয়। ঘটনা সন্দৰ্ভত এপাৰ্টমেণ্ট কৰ্তৃপক্ষই সাতগাঁও আৰক্ষী থানাত খবৰ দিয়ে
 
। আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি জি এম চি এইছ লৈ প্ৰেৰণ কৰে। ইপিনে শ্ৰমিকজনৰ মৃত্যু হোৱা ঘটনাৰ বাতৰি সংগ্ৰহৰ বাবে যোৱা সাংবাদিকৰ দলক বিল্ডাৰজনৰ গুণ্ডাবাহিনীয়ে দুৰ্ব্যৱহাৰ কৰে। মূলত সুৰক্ষা কৱচ পৰিধান নকৰাৰ ফলত এনে ধৰণৰ দুৰ্ঘটনা সংঘটিত হৈছে বুলি অভিযোগ উত্থাপন হৈছে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।