ধুবুৰী আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ লাট মণ্ডল হজৰত আলী আৰু মাটিৰ দালাল মিৰ্জা খান

 10/18/2021 - 17:45
 
 
 
 
 
 
ধুবুৰীঃ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰৰ ভয়ত প্ৰায় এমাহ সময় আত্মগোপন কৰি থাকি ১১ অক্টোবৰত উচ্চ ন্যায়ালয়ৰ পৰা জামিন লাভ কৰিছিল হজৰত আলী আৰু মিৰ্জা খান। দেওবাৰে দুয়ো জামিনৰ কাগজ লৈ উপস্থিত হৈছিল ধুবুৰী সদৰ আৰক্ষী থানাত। নতুন এক গোচৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুয়োকে।পূৰ্বতে মাটিৰ দালাল ২২ জনক গ্ৰেপ্তাৰ কৰিছিল ধুবুৰী আৰক্ষীয়ে। তেনে সময়তে পলাতক হৈ আছিল লাট মণ্ডল হজৰত আলী আৰু দালাল মিৰ্জা খান।
 
 
তেওঁ এজন পৰ্টেল সাংবাদিক বুলিও পৰিচয় দিছিল। বিলাসী গাড়ীত প্ৰেছ লগাই ঘূৰি ফুৰিছিল তেওঁ৷ দালালি কৰি তেওঁ বিশাল অট্টালিকা নিৰ্মাণ কৰিছে।
যোৱা নিশা হজৰত আলীৰ ঘৰত অভিযান চলাই চৰকাৰী কাৰ্যালয়ৰ বহুতো ফাইলৰ লগতে নীতি পত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। DC অফিচৰ ফাইল D C অফিচত থাকিব লাগে৷ কিন্তু সেইবোৰ ফাইল মণ্ডল হজৰত আলিৰ ঘৰৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।