লংকা উদালী থানাত উত্তপ্ত পৰিস্থিতিঃ দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট

 10/18/2021 - 18:59
 
লংকাঃ উদালী থানাৰ সন্মুখতে দুই ফৈদৰ মাজত হাতে হাতে লাঠি-জুং লৈ প্ৰচণ্ড মাৰপিটৰ ঘটনা। কেইবাজনো লোক আহত হোৱাৰ লগতে দুজন লোকৰ অৱস্থা সংকটজনক। সংকটজনক অৱস্থাত লোক দুজনক হোজাই হাম হাস্পতাললৈ প্ৰেৰণ। পৰিস্থিতি নিয়ন্ত্ৰনৰ বাবে উদালী আৰক্ষীৰ লাঠি চাৰ্জ দুই ফৈদৰ লোকৰ ওপৰত।
 
ঘটনা সংক্ৰান্তত জানিব পৰা মতে দুৰ্গা পূজাৰ নৱমীৰ দিনা অপ্পু ঘোষ আৰু ৰঞ্জন ঘোষ নামৰ লোক দুজনৰ মাজত পূজাৰ বিষয় লৈ কাজিয়াৰ সূত্ৰপাত ঘটিছিল। আজি অপ্পু ঘোষ ট্ৰেইন যোগে নিজৰ কৰ্মস্থলীত যাবলৈ ওলোৱাত ৰে’ল ষ্টেচন পুনৰ ৰঞ্জন ঘোষে আৰু তেওঁৰ ভাতৃ ক্ৰমে জিণ্টু ঘোষ, মিঠুন ঘোষ, নিতু ঘোষ আৰু বিটু ঘোষে অপ্পু ঘোষক অপহৰণ কৰি লৈ যায় নিজ ঘৰত বান্ধি মাৰধৰ কৰে। উক্ত ঘটনাৰ খবৰ পাই অপ্পুৰ ভাতৃয়ে ততাতৈয়াকৈ লংকাৰ উদালী আৰক্ষীক খবৰ দিয়ে।
 
উদালী আৰক্ষীও পলম নকৰি ৰঞ্জন ঘোষৰ বাসগৃহৰ পৰা গছত বন্ধি ৰখা অৱস্থাত অপ্পু ঘোষক উদ্ধাৰ কৰে। লগতে উদালী আৰক্ষীয়ে আটক কৰে ৰঞ্জন ঘোষ আৰু তেওঁৰ ভাতৃসকলক। উদালী আৰক্ষীয়ে দুই ফৈদক থানাত সোধপোচ কৰি থকা অৱস্থাতে পুনৰ দুই ফৈদৰ মাজত আৰক্ষীৰ সন্মুখতে প্ৰচণ্ড মাৰপিট সংঘটিত হয় দুই ফৈদৰ মাজত। উদালী আৰক্ষীয় পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে লাঠিচালনা কৰাৰ লগতে। উক্ত মাৰ পিটত কেইবাজনো আহত হোৱাৰ লগতে দুজনৰ অৱস্থা সংকটজনক। বৰ্তমান সমগ্ৰ অঞ্চলতে এক তীব্ৰ চেপা উত্তেজনাই বিৰাজ কৰাৰ লগতে সমগ্ৰ অঞ্চলত অৰ্ধ সামৰিক বাহিনী মোতায়ন কৰিছে হোজাই আৰক্ষীয়ে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।