অইল ইণ্ডিয়া লিমিটেডৰ 'সামাজিক দায়বদ্ধতা' আঁচনিৰ জৰিয়তে নিৱনুৱা যুৱক-যুৱতীক সংস্থাপন দিয়াৰ কৰ্মশালা

 10/18/2021 - 19:15
 
 
 
ডুমডুমাঃ সমগ্ৰ দেশত শিক্ষিত নিবনুৱাৰ সমস্যাই ভয়ংকৰ ৰূপ লোৱা সময়ত অইল ইণ্ডিয়া লিমিটেডে বিভিন্ন বৃত্তিমুলক কৰ্মশালা আৰু প্ৰশিক্ষণ তথা পাঠদানৰ জৰিয়তে শিক্ষিত নিবনুৱা সকলক সংস্থাপনৰ বাট মুকলি কৰাৰ এক পদক্ষেপ গ্ৰহণ কৰিছে|
 
'সামাজিক দায়বদ্ধতা' আঁচনিৰ জৰিয়তে দশম শ্ৰেণীৰ পৰা আৰম্ভ কৰি উচ্চ শিক্ষিত যুৱক-যুৱতীক Hotel management আৰু Tourism তথা Hospitality ৰ পাঠ্যক্ৰমৰ ৩ মহীয়া পাঠদান তথা প্ৰশিক্ষণ প্ৰদান কৰি সংস্থাপন প্ৰদান কৰাৰ এই অভিলাষী আঁচনিৰ আজি এক কৰ্মশালা অনুষ্ঠিত হৈ যায় ডুমডুমা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত|
 
ভাৰতীয় সেনাৰ ৰেড হৰ্ণ ডিভিজনৰ ৰূপাই চাইডিংস্থিত বাহিনীৰ উদ্যোগত অনুষ্ঠিত হোৱা এই কৰ্মশালাত উজনি অসম আৰু অৰুণাচল প্ৰদেশৰ প্ৰায় ২৫০ গৰাকী যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰে|
 
সেনা বাহিনীৰ ব্ৰিগেডিয়াৰ এলবাৰ্ট এক্কাই শুভাৰম্ভ কৰা কৰ্মশালাত অইল ইণ্ডিয়া লিমিটেডৰ বিষয়া ত্ৰিদীপ হাজৰিকাৰ লগতে অন্যান্য গণ্যমান্য লোক উপস্থিত থাকে| অইল ইণ্ডিয়া লিমিটেডে জানিবলৈ দিয়া মতে এই আঁচনিৰ জৰিয়তে বৰ্তমানলৈকে ৩ হাজাৰৰো অধিক যুৱক-যুৱতীক প্ৰশিক্ষণ প্ৰদান কৰি ইতিমধ্যে ৰাজ্য আৰু ৰাজ্যখনৰ বাহিৰৰ বিভিন্ন হোটেল-ৰেস্তুৰাত নিয়োজিত কৰি কৰ্মসংস্থান দিয়াবলৈ সক্ষম হৈছে| 
 
 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।