আজি কাতি বিহু উপলক্ষে আউনিআটী সত্ৰত প্রজ্বলিত আকাশবন্তি

 10/18/2021 - 19:44
 
 
মাজুলীঃ আজি অসমীয়াৰ বাপতি সাহোন কঙালী বিহু বা কাতি বিহু। কাতি বিহুক শাৰদীয় উৎসৱ হিচাপে মাজুলীবাসীয়ে পালন কৰি আহিছে। এইবছৰ মাজুলীৰ আউনিআটী সত্ৰত ৩৬৮ বছৰীয়া উদযাপন কৰা হৈছে কাতি বিহু। সত্রৰ প্ৰতিস্থা কালৰ পৰাই এই পৰম্পৰা চলি আহিছে সত্রখনত। আউনিআটী সত্রৰ কীৰ্তন ঘৰৰ নিচেই কাষতে ২১ জোৰা আকাশ বন্তি প্ৰজ্বলন কৰা হৈছে।
 
ধৰ্মীয় ৰীতি-নীতি অনুসৰি কাতি মাহতো দামোদৰ মাহ আৰু পুণ্য মাহ এই মাহত তুলসী ৰোপণ কৰিলে মানৱ জাতিৰ কল্যাণ সাধন হোৱাৰ লগতে ২১ পুৰুষ উদ্ধাৰ হয় বুলি জানিব পাৰি।
 
সত্রৰ নীতি-নিয়ম অনুসৰি গায়ন বায়ন, ঢ়ুলীয়া খুলীয়া, ওজাপালি আদিৰ মাজেৰে সত্ৰাধিকাৰ গৰাকীয়ে ২১ যোৰা আকাশ বন্তি প্ৰজ্বলন কৰে। সত্ৰৰ কণকণ শিশুসকলেও তুলসী ভেটি নিৰ্মাণ কৰি বন্তি প্ৰজ্বলন কৰে। মাজুলীৰ ৩৫ খন সত্ৰই নিজৰ নিজৰ নিয়ম অনুসৰি এই কাতি বিহু পালন কৰে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।