কামপুৰৰ কাকতিগাঁৱত আমচু আৰু স্থানীয়লোকৰ তীব্ৰ প্ৰতিবাদ

 10/19/2021 - 12:30
 
 
 
 
 
কামপুৰঃ অভিযোগ প্ৰতি অভিযোগৰে ভৰিছে কামপুৰৰ কাকতিগাঁও আমচুত। আজি আমচুৰ নগাঁও জিলাৰ কাকতিগাঁও আঞ্চলিক সমিতিখনে এক প্ৰতিবাদী কাৰ্যসূচী হাতত লয় প্ৰাক্তন কেইবাজনো সৰ্তীথৰ বিৰুদ্ধে। উল্লেখ্য যে আমচুৰ কাকতিগাঁও আঞ্চলিকৰ পৰা আতৰি থকা কেইজনমান পূৰ্বৰ আমচুৰ কৰ্মীয়ে কাকতিগাঁও আঞ্চলিক সমিতিৰ একাংশ সদস্যই চৰকাৰী আঁচনিৰ লগত জড়িত হৈ বিভিন্ন চৰকাৰী আঁচনিত দুৰ্নীতি কৰা বুলি অভিযোগ আনিছিল।
 
ইয়াৰ পিছতে অভিযোগকাৰী প্ৰাক্তন আমচুৰ সদস্যসকলৰ প্ৰতি ক্ষোভিত হৈ পৰি প্ৰতিবাদী কাৰ্যসূচী হাতত লয় স্থানীয় একাংশ লোকৰ লগতে আমচুৰ কাকতিগাঁও আঞ্চলিকৰ সদস্যসকলে। প্ৰতিবাদীসকলে আমচু জিন্দাবাদ; আমচুক লৈ ৰাজনীতি কৰা বন্ধ কৰক আদি শ্ল’গানৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।