হাজো আৰক্ষীৰ বৃহৎ সাফল্যঃ বৃহৎ পৰিমাণৰ অবৈধ নিচাযুক্ত টেবলেটসহ দুই কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীক আটক

 10/19/2021 - 12:45
 
 
 
কামৰূপঃ কামৰূপ জিলাৰ আলিকাষত হাজো আৰক্ষীয়ে খেদি খেদি আটক কৰিবলৈ সক্ষম হৈছে দুটাকৈ কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী। জব্দ হৈছে বৃহৎ পৰিমাণৰ অবৈধ নিচাযুক্ত টেবলেট। পুনৰ হাজো আৰক্ষীৰ এক বৃহৎ সফলতা। এইবাৰ আৰক্ষীয়ে হাজো গুৱাহাটী ৰাজপথত খেদি খেদি স্কুটি সৈতে আটক কৰিবলৈ সক্ষম হৈছে দুটাকৈ কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী।
 
হাজো আৰক্ষীৰ জালত পৰা এই কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী দুটা ক্ৰমে গুৱাহাটী হাতীগাঁৱৰ নটবমা অঞ্চলৰ ৰিজাউল আলী আহমেদ আৰু আব্দুৰ ৰছিদ। এক গোপন খবৰৰ ভিত্তিত হাজো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বাবুল কুমাৰ মেধিয়ে চলাইছিল এই অভিযান। ইতিমধ্যে এই দুই কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীক জিম্মাত লৈ আৰু অধিক তথ্যৰ বাবে সোধাপোছা অব্যাহত ৰাখিছে হাজো আৰক্ষীয়ে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।