গোলাঘাটৰ ফৰকাটিঙত ভয়ংকৰ পথ দুৰ্ঘটনাঃ থিতাতে নিহত এজন

 10/19/2021 - 12:53
 
গোলাঘাটঃ গোলাঘাটৰ ফৰকাটিং অন্তৰ্গত শিঙিজান অঞ্চলত ভয়ংকৰ পথ দুৰ্ঘটনাত ৩২ বছৰীয়া প্ৰাঞ্জল গগৈ নামৰ এজন ব্যক্তিৰ থিতাতে মৃত্যু ঘটে।AS05C9246 নম্বৰৰ তীব্ৰবেগী ডাম্পাৰ আৰু AS 05G 9061 নম্ববৰৰ দুচকীয়া গ্লেমাৰ মটৰ চাইকেলৰ মুখামুখি সংঘৰ্ষ হোৱা ফলত কমাৰবন্ধাৰ ৰাইডঙ্গীয়া গাঁৱৰ নিৱাসী প্ৰাঞ্জল গগৈ নামৰ লোকজন ঘটনাস্থলীতে মৃত্যু হয়।
 
আনফালে এই মটৰচাইকেল খনতে লগতে উঠি অহা নৰোত্তম বৰা নামৰ আন এজন লোক গুৰুতৰভাৱে আহত হয়। আহত জনৰ অৱস্থা অতি সংকটজনক হোৱাত বৰ্তমান তেওঁক যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে।  
 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।